পাকঘৰৰ ৰসায়ন: পিয়াঁজ আৰু নহৰু

পিয়াঁজ (বৈজ্ঞানিক নাম এলিয়াম চেপা) আৰু নহৰু (এলিয়াম চেটাইভাম) একেই গণ এলিয়ামৰ অন্তৰ্ভুক্ত আৰু একে ৰাসায়নিক গঠনযুক্ত হ’লেও ইহঁতে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱাই। এই পাচলি দুবিধৰ প্ৰায় আটাইবিলাক লক্ষণীয় বিশেষত্বৰ কাৰণ হৈছে ছালফাৰযুক্ত কিছুমান বিপাকীয় দ্ৰব্য়ৰ (মেটাবলাইট) ফলত হোৱা কিছুমান ৰাসায়নিক বিক্ৰিয়া।

চকুৰ পানী উলিয়াব পৰা ক্ষমতাৰ বাবে পিয়াঁজ বিখ্যাত। পিয়াঁজৰ মেছ’ফিল কলাত আইচ' এলীন নামৰ এবিধ এমিন' এচিড থাকে। এলিনেজ হৈছে পিয়াঁজত থকা এবিধ উৎসেচক।যেতিয়া পিয়াঁজ এটা কটা হয়, তেতিয়া আইচ'এলীন আৰু  এলিনেজ পৰস্পৰৰ সংস্পৰ্শলৈ আহে আৰু ইয়াৰ ফলত ই-থায়'প্ৰপানেল- এচ্ -অক্সাইড নামৰ এবিধ অশ্ৰু নিৰ্গমনকাৰকৰ সৃষ্টি হয়। পানীয়ে এই যৌগ বিধৰ প্ৰভাৱ কম কৰে আৰু কম উষ্ণতাত ই কম উদ্বায়ী হয়। গতিকে ৰেফ্ৰিজাৰেটৰত থোৱা বা পানীত ডুবাই থোৱা পিয়াঁজ কাটিলে চকু পানী ওলোৱাৰ সমস্যা কমে।

নহৰুৰ আকৌ এবিধ বিশেষ গোন্ধ আৰু ঔষধি গুণ আছে। ইয়াত এলীন নামৰ এবিধ এমিন’ এচিড থাকে। এলিনেজ নামৰ উৎসেচকৰ উপস্থিতিত এলীনে এলিচিন নামৰ বেক্টেৰিয়া প্ৰতিৰোধী যৌগ এবিধ সৃষ্টি কৰে। নহৰুৰ ব্যৱহাৰে হেলিক’বেক্টাৰ পাইল’ৰি নামৰ বেক্টেৰিয়া বিধক প্ৰতিৰোধ কৰি আমাক গেষ্ট্ৰিক আলচাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

Search Research Matters