Deep-dive

মুম্বাই

গৱেষক সকলে আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় শিশু সকলৰ মাজত খাদ্যতালিকাৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰিছে।

Hyderabad

পৃথিৱীৰ প্ৰায় ৩.৫বিলিয়ন মানুহৰ কাৰণে ভাত এক প্ৰধান খাদ্য। কিন্তু পানীৰ নাটনি আৰু আবাদীৰ অত্যাধিক বৃদ্ধিৰ কাৰণে অতি সোনকালেই আপোনাৰ প্ৰিয় ভাত সাজ আপোনাৰ বাবে দুষ্প্ৰাপ্য হৈ পৰিব পাৰে। সাধাৰণতে ধান হৈছে পানীত হোৱা শস্য আৰু পানী ভৰ্তি পথাৰত ইহঁতৰ খেতি কৰা হয়। অৱশ্যে প্ৰতি কেজি ধানৰ উৎপাদনৰ বাবে প্ৰায়

বেঙ্গালুৰু

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

বেঙ্গালুৰু

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

বেঙ্গালুৰু

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

বেঙ্গালুৰু

হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্ৰজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্বপূৰ্ণ কাৰণ আন বহু পোক-পতংগ এই ঠাইত বাচি থাকিবলৈ অক্ষম। ভাৰতত ভোমোৰাৰ প্ৰজাতি সমূহৰ বিস্তৃতিৰ বিষয়ে বিষদ গৱেষণা হোৱা নাই। হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূৱ-হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে।

হায়দৰাবাদ

ৰূপকুণ্ড হৈছে উত্তৰাখণ্ডত অৱস্থিত এটা সৰু বৰফময় হ্ৰদ। হিমালয়ৰ পৰ্বতমালাত ১৬৪৭০ ফুট উচ্চতাত থকা এই হ্ৰদটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপৰিও ইয়াত থকা কেইবাশও পুৰণা নৰ-কংকালৰ বাবে বিখ্যাত যাৰ বাবে ইয়াক ‘কংকাল হ্ৰদ’ বুলিও জনা যায়। শেহতীয়াকৈ প্ৰকাশিত দশক জোৰা এক অধ্যয়নে এই কংকাল সমূহৰ বিষয়ে বহু নতুন তথ্যৰ সন্ধান দিছে।

পুণে

অতিমাত্ৰা ব্যৱহাৰৰ ফলত আমাৰ চাৰিওফালে দম বন্ধা পলিথিন বেগ সমূহৰ ভয়াবহতাৰ বিষয়ে আমি অজ্ঞাত নহয়। এই বেগ সমূহ বস্তু কঢ়িয়াবৰ বাবে উপযোগী হোৱাৰ ফলত পলিথিনৰ  উৎপাদনো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ই গোটেই বিশ্বতে সৰ্বাধিক ব্যৱহৃত হোৱা এবিধ প্লাষ্টিক হিচাপে চিহ্নিত হৈছে । লক্ষণীয় ভাৱে, প্ৰায় ৬৪% প্লাষ্টিক আৱর্জনাৰ উৎস এই পলিথিন সমূহে ভূ-পৃষ্ঠ আৰু সাগৰ আদিত জমা হোৱা, জীৱ জন্তুৰ মৃত্যুৰ কাৰন হৈ পৰা, নলা নৰ্দমা বন্ধ কৰি অস্বাস্থ্যকৰ পৰ

গুৰুগ্ৰাম

অধ্যয়নৰ মতে ভাৰতত দক্ষ স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ আছে।

Search Research Matters