Deep-dive

আই.আই. টি. বম্বেৰ গৱেষক সকলে পলিমাৰ আধাৰিত আৰু দেহত প্ৰত্য়াৰোপন কৰি ইনচুলিন প্রস্তুত কৰিব পৰা এক কৃত্ৰিম অগ্ন্যাশয় সাজি উলিয়াইছে।

Bengaluru

চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল  ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এ

Bengaluru

কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক  সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদাহজনক ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বোম্বেৰ জীৱ বিজ্ঞান আৰু জৈৱ ইঞ্জিনীয়াৰিং বিভাগত গৱেষণাৰত প্ৰফেছৰ সৌম্য মুখাৰ্জী আৰু তেখেতৰ গৱেষণা দলটিয়ে এটা কাৰ্যক্ষম চেন্সৰ নিৰ্মাণ কৰিছে যিয়ে অতি কম খ

নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা।  ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো।  আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয়  কিছু নিৰ্বাচিত লিখনি

Bengaluru

বনৰৌ (বন-ৰৌ) এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত বাস কৰা এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। দুখজনক ভাবে ইয়াৰ মাংস আৰু বাকলিৰ কাৰণে হোৱা অতিমাত্ৰা চিকাৰৰ কাৰণে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধ ব্য়ৱসায়ত ব্যৱহাৰ হোৱা প্ৰাণী হিচাপে চিনাক্ত হৈছে। ঔষধি গুণ থকাৰ প্ৰবাদতে চীন, ভিয়েটনাম আদি ঠাইত ইয়াৰ বাকলিৰ চাহিদা অত্যাধিক আৰু ইয়ে ইহঁতৰ আন্তৰাষ্ট্ৰীয় স্তৰত হোৱা অবৈধ বেহাৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০০০ চনৰ পৰা ২০১৩ চনৰ ভিতৰতে ১ মিলিয়নতকৈও অধিক বনৰৌৰ চিকাৰ হোৱা বুলি অনুমান কৰা হৈছে।

Bengaluru

সন্ধিয়া পাঁচ বজাৰ ঘিটমিটীয়া অন্ধকাৰত কাৰ্য্য়ালয়ৰ কাম শেষ কৰি বাহিৰলৈ ওলোৱা নাইবা ৰাতিপুৱা চাৰে চাৰি বজাতে ওলোৱা ৰ’দ জাকে ভাঙি দিয়া টোপনিটো, এই কোনোটোৱেই আমাৰ বেছিভাগৰে বাবে এক প্ৰিয় অভিজ্ঞতা নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে ই আমাৰ বাবে এক এৰাব নোৱাৰা পৰিস্থিতি। ভাৰতবর্ষৰ বৰ্তমান মান সময়ে (আই এচ টি) আমাৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাৰ ইয়াত সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই ন বজাৰ পৰা পাঁচ বজালৈ চলা আমাৰ কাৰ্যালয়ৰ সময়তকৈ বহু আগতেই হয়। যদিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বহু আগৰে পৰাই এক সুকীয়া সময় ক্ষেত্ৰৰ  (টাইম জ’ন) বাবে দাবী জনায় আহিছে, ই

Bengaluru

এন্টিবায়’টিকৰ ওচৰতো হাৰ নমনা ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ বিয়য়ে আমি সকলোৱে জ্ঞাত। এই বেক্টেৰিয়া সমূহ নিৰ্মূলকৰণৰ বাবে যুজঁ খন চলি থকাৰ সময়তে ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ নামৰ আন এক সমস্যাই মূৰ ডাঙি উঠিছে। প্ৰতি বছৰে প্ৰায় ৮.৯ মিলিয়ন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু দ্বিতীয়তম বৃহৎ ঘাটক ৰোগ হিচাপে চিহ্নিত হোৱা কেন্সাৰ ৰোগৰ নিৰ্মূলকৰণৰ বাবে সম্পূৰ্ন প্ৰতিকাৰৰ উপায় এতিয়া লৈকে পোৱা হোৱা নাই। বৈজ্ঞানিক সকলৰ মতে ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া সমূহৰ দৰেই ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহেও বিভিন্ন ঔষধৰ ক্ৰিয়া প্ৰতিহত কৰাত সক্ষম। এই কোষ সমূহে ইহঁতৰ দেহৰ পৰা কেন্সাৰৰ ঔষধসমূহ বাহিৰ কৰি দিয়ে আৰু

Bengaluru

কেন্সাৰ হৈছে বিভিন্ন ৰূপত  দেখা দিব পৰা এক নীৰৱ ঘাটক। মূৰ আৰু ডিঙিৰ কেন্সাৰ তাৰেই এটা ৰূপ যি মুখ, নাক, কণ্ঠনলী, আৰু লালটি গ্ৰন্থি আদিত দেখা দিব পাৰে। ই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধৰা পৰা কেন্সাৰ সমূহৰ এবিধ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপোৰ্ট মতে ৯০ শতাংশ মূৰ আৰু ডিঙিৰ কেন্সাৰ হৈছে স্কোৱামাছ কোষ কাৰ্চিনোমা (এইচ এন এচ চি চি)। স্কোৱামাছ কোষ কাৰ্চিনোমা হৈছে ছালৰ উপৰিভাগত থকা অস্বাভাৱিক স্কোৱামাছ কোষৰ অনিয়ন্ত্রিত বিভাজন।

বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চিৰসেউজ ঘাঁহ। ইয়াৰ কাণ্ড ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, কাগজ, আনকি খাদ্য হিচাপেও ব্যৱহৃত হয়। এই গছ বিধৰ লগত জড়িত এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ফুল। বহু বছৰৰ মূৰতহে বাঁহ গছত ফুল ফুলে আৰু ইয়াৰ পাছতে গছ ডাল মৰি যায়।

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিষ্কাৰ খোৱাপানীৰ যথেষ্ঠ অৱদান আছে। লেতেৰা খোৱাপানী সেৱনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে ক’লেৰা, ডায়েৰীয়া, গ্ৰহনী, টাইফয়েড আৰু জণ্ডিছ আদিয়ে দেখা দিব পাৰে। ভাৰতৰ দৰে দেশ এখনত পৰিষ্কাৰ পানীযোগানৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজন কাৰণ ইয়াত ২১ শতাংশ সংক্ৰমণশীল বেমাৰ লেতেৰা খোৱাপানী সেৱনৰ ফলতে হয় আৰু প্ৰতিদিনে প্ৰায় পাচশঁতকৈও বেছি ল'ৰা ছোৱালীয়ে ডায়েৰীয়াৰ ফলত মৃত্যুবৰণ কৰে । বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) ৰ অধীনস্থ ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থান (আই আই টি আৰ) দ্বাৰা উদ্ভাবিত এটা নতুন পৰিশোধন যন্ত্ৰই খোৱাপানীৰ সম

Search Research Matters