Skip to main content
Bengaluru

চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল  ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এ

নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা।  ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো।  আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয়  কিছু নিৰ্বাচিত লিখনি

Bengaluru

বনৰৌ (বন-ৰৌ) এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত বাস কৰা এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। দুখজনক ভাবে ইয়াৰ মাংস আৰু বাকলিৰ কাৰণে হোৱা অতিমাত্ৰা চিকাৰৰ কাৰণে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধ ব্য়ৱসায়ত ব্যৱহাৰ হোৱা প্ৰাণী হিচাপে চিনাক্ত হৈছে। ঔষধি গুণ থকাৰ প্ৰবাদতে চীন, ভিয়েটনাম আদি ঠাইত ইয়াৰ বাকলিৰ চাহিদা অত্যাধিক আৰু ইয়ে ইহঁতৰ আন্তৰাষ্ট্ৰীয় স্তৰত হোৱা অবৈধ বেহাৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০০০ চনৰ পৰা ২০১৩ চনৰ ভিতৰতে ১ মিলিয়নতকৈও অধিক বনৰৌৰ চিকাৰ হোৱা বুলি অনুমান কৰা হৈছে।

বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চিৰসেউজ ঘাঁহ। ইয়াৰ কাণ্ড ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, কাগজ, আনকি খাদ্য হিচাপেও ব্যৱহৃত হয়। এই গছ বিধৰ লগত জড়িত এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ফুল। বহু বছৰৰ মূৰতহে বাঁহ গছত ফুল ফুলে আৰু ইয়াৰ পাছতে গছ ডাল মৰি যায়।