General

Bengaluru

বনৰৌ (বন-ৰৌ) এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত বাস কৰা এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। দুখজনক ভাবে ইয়াৰ মাংস আৰু বাকলিৰ কাৰণে হোৱা অতিমাত্ৰা চিকাৰৰ কাৰণে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধ ব্য়ৱসায়ত ব্যৱহাৰ হোৱা প্ৰাণী হিচাপে চিনাক্ত হৈছে। ঔষধি গুণ থকাৰ প্ৰবাদতে চীন, ভিয়েটনাম আদি ঠাইত ইয়াৰ বাকলিৰ চাহিদা অত্যাধিক আৰু ইয়ে ইহঁতৰ আন্তৰাষ্ট্ৰীয় স্তৰত হোৱা অবৈধ বেহাৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০০০ চনৰ পৰা ২০১৩ চনৰ ভিতৰতে ১ মিলিয়নতকৈও অধিক বনৰৌৰ চিকাৰ হোৱা বুলি অনুমান কৰা হৈছে।

Bengaluru

সন্ধিয়া পাঁচ বজাৰ ঘিটমিটীয়া অন্ধকাৰত কাৰ্য্য়ালয়ৰ কাম শেষ কৰি বাহিৰলৈ ওলোৱা নাইবা ৰাতিপুৱা চাৰে চাৰি বজাতে ওলোৱা ৰ’দ জাকে ভাঙি দিয়া টোপনিটো, এই কোনোটোৱেই আমাৰ বেছিভাগৰে বাবে এক প্ৰিয় অভিজ্ঞতা নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে ই আমাৰ বাবে এক এৰাব নোৱাৰা পৰিস্থিতি। ভাৰতবর্ষৰ বৰ্তমান মান সময়ে (আই এচ টি) আমাৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাৰ ইয়াত সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই ন বজাৰ পৰা পাঁচ বজালৈ চলা আমাৰ কাৰ্যালয়ৰ সময়তকৈ বহু আগতেই হয়। যদিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বহু আগৰে পৰাই এক সুকীয়া সময় ক্ষেত্ৰৰ  (টাইম জ’ন) বাবে দাবী জনায় আহিছে, ই

Bengaluru

এন্টিবায়’টিকৰ ওচৰতো হাৰ নমনা ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ বিয়য়ে আমি সকলোৱে জ্ঞাত। এই বেক্টেৰিয়া সমূহ নিৰ্মূলকৰণৰ বাবে যুজঁ খন চলি থকাৰ সময়তে ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ নামৰ আন এক সমস্যাই মূৰ ডাঙি উঠিছে। প্ৰতি বছৰে প্ৰায় ৮.৯ মিলিয়ন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু দ্বিতীয়তম বৃহৎ ঘাটক ৰোগ হিচাপে চিহ্নিত হোৱা কেন্সাৰ ৰোগৰ নিৰ্মূলকৰণৰ বাবে সম্পূৰ্ন প্ৰতিকাৰৰ উপায় এতিয়া লৈকে পোৱা হোৱা নাই। বৈজ্ঞানিক সকলৰ মতে ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া সমূহৰ দৰেই ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহেও বিভিন্ন ঔষধৰ ক্ৰিয়া প্ৰতিহত কৰাত সক্ষম। এই কোষ সমূহে ইহঁতৰ দেহৰ পৰা কেন্সাৰৰ ঔষধসমূহ বাহিৰ কৰি দিয়ে আৰু

Bengaluru

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, কটকৰ গৱেষক সকলে তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ লগত মিলি কৰা এক শেহতীয়া অধ্যয়নত পূৱ ভাৰতত উৎপাদিত হোৱা সাত বিধ ধানৰ মিথেন গেছ নিৰ্গমন কৰাৰ পদ্ধতি সমূহ পোহৰলৈ আহিছে। গৱেষণাটোৰ ফলাফল সমূহ চাইন্স অফ দ্যা টোটেল এনভাৰমেণ্ট  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

Bengaluru

কেন্সাৰ হৈছে বিভিন্ন ৰূপত  দেখা দিব পৰা এক নীৰৱ ঘাটক। মূৰ আৰু ডিঙিৰ কেন্সাৰ তাৰেই এটা ৰূপ যি মুখ, নাক, কণ্ঠনলী, আৰু লালটি গ্ৰন্থি আদিত দেখা দিব পাৰে। ই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধৰা পৰা কেন্সাৰ সমূহৰ এবিধ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপোৰ্ট মতে ৯০ শতাংশ মূৰ আৰু ডিঙিৰ কেন্সাৰ হৈছে স্কোৱামাছ কোষ কাৰ্চিনোমা (এইচ এন এচ চি চি)। স্কোৱামাছ কোষ কাৰ্চিনোমা হৈছে ছালৰ উপৰিভাগত থকা অস্বাভাৱিক স্কোৱামাছ কোষৰ অনিয়ন্ত্রিত বিভাজন।

Bengaluru

ধান এছিয়াৰ আটাইতকৈ বহুলভাৱে ব্যৱহৃত হোৱা প্ৰধান খাদ্যশস্য। ধানখেতিৰ পথাৰসমূহ গ্ৰীণ হাউচ গেছৰ  এবিধ ডাঙৰ উৎস হিচাপে চিহ্নিত হৈছে আৰু এই কথাটো অতিকৈ চিন্তনীয় কাৰণ মিথেন আৰু অন্যান্য গ্ৰীণ হাউচ গেছ সমূহে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। ধানখেতিৰ পথাৰ সমূহৰ বৰ্ধিত উষ্ণতা আৰু পানী জমা হৈ থকা অৱস্থাটোৱে কিছুমান এনেকুৱা অণুজীৱৰ বৃদ্ধিত অৰিহণা যোগাই যিবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু ইয়াক মিথেনলৈ পৰিৱৰ্তিত কৰে। এই সমস্যাটো সমাধান কৰাৰ এটা উপায় হৈছে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বঢ়োৱা। শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক কেইজন মানে অধিক কাৰ্বনযুক্ত সাৰৰ

Bengaluru

হৃদযন্ত্ৰ আৰু ৰক্তবাহিকা নলীৰ লগত জড়িত কাৰ্ডিওভাচকুলাৰ (চি ভি ডি) বা হৃদ বাহিকা ৰোগ প্ৰধান ঘাটক ৰোগ সমূহৰ মাজত অন্যতম। ভাৰতত এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ আটাইতকৈ বেছি (২৫%) আৰু ই দ্বিতীয় আৰু তৃতীয় স্থানত থকা ঘাটক যক্ষ্মা (টিউবাৰকুলোচিচ) আৰু শ্বাসপ্রস্বাসৰ ৰোগ এই দুয়োটাতে  মিলি হোৱা প্ৰানহাণীতকৈও অধিক। স্বাস্থ্য কৰ্মীসকলে অনুমান কৰিছে যে আমাৰ জীৱন যাত্ৰাত হোৱা পৰিবৰ্তন, মেদবহুলতা, অস্বাস্থ্যকৰ আহাৰ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু ধঁপাত আৰু সুৰাৰ অত্যাধিক ব্যৱহাৰে ভবিষ্য়তত এই ৰোগৰ প্ৰাদূৰ্ভাৱ আৰু বৃদ্ধি কৰিব।

Bengaluru

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু গুজৰাটৰ আই আই টি গান্ধীনগৰৰ পৃথিৱী বিজ্ঞান বিভাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-জলৰ ওপৰত কৰা এক গৱেষণাত কিছু চিন্তাজনক তথ্য পোহৰলৈ আহিছে। গৱেষণাটোত পৰীক্ষা কৰা এই অঞ্চলৰ ভূ-জলত আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়াম পোৱা গৈছে যিয়ে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চিৰসেউজ ঘাঁহ। ইয়াৰ কাণ্ড ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, কাগজ, আনকি খাদ্য হিচাপেও ব্যৱহৃত হয়। এই গছ বিধৰ লগত জড়িত এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ফুল। বহু বছৰৰ মূৰতহে বাঁহ গছত ফুল ফুলে আৰু ইয়াৰ পাছতে গছ ডাল মৰি যায়।

পিয়াঁজ (বৈজ্ঞানিক নাম এলিয়াম চেপা) আৰু নহৰু (এলিয়াম চেটাইভাম) একেই গণ এলিয়ামৰ অন্তৰ্ভুক্ত আৰু একে ৰাসায়নিক গঠনযুক্ত হ’লেও ইহঁতে বেলেগ বেলেগ বিক্ৰিয়া দেখুৱাই। এই পাচলি দুবিধৰ প্ৰায় আটাইবিলাক লক্ষণীয় বিশেষত্বৰ কাৰণ হৈছে ছালফাৰযুক্ত কিছুমান বিপাকীয় দ্ৰব্য়ৰ (মেটাবলাইট) ফলত হোৱা কিছুমান ৰাসায়নিক বিক্ৰিয়া।

Search Research Matters